জীৱন মোৰ বাবে এখন সাঁকো মাথোঁ । যাৰ চৌদিশে পানী মাথোঁ পানী । সাঁকোখনত উঠিবৰ সময়ত মই বৰ ভয় খাইছিলোঁ । কিমান যে খলা- বমা শিলবোৰে তলখন ছানি ধৰিছে ! সেই সময়তে তুমি মোৰ হাতখনি আহি সাৱতি ধৰিছিলা । বাধা দিয়াৰ সুখেই বা ক'ত ! মোৰ যে লক্ষ্যই আছিল নদীখন পাৰ হোৱা । তোমাৰ হাতত হাত গুজি মই আগবাঢ়িছিলোঁ । এই যে গুজি দিয়াৰ সাহসকণ , মই তাৰ পৰা আঁতৰিব পৰা নাছিলোঁ । সেইদিনা মই কিমান বাৰ চাই ৰৈছিলোঁ তোমালৈ , তোমাৰ বাৰু মনত আছেনে ? মই মনে মনে কামনা কৰিছিলোঁ নদীখন আৰু দীঘল হওক আমাৰ বাবে , মোক আলফুল হাতৰে আগবঢ়াই নিয়া । কিন্তু সকলো পথৰে হেনো সমাপ্তি থাকে । মই তোমাক আহ্বান জনাইছিলোঁ , তুমি মোৰ হাতখন এৰি নিদিবা , এবাৰ দুবাৰ , কেইবাবাৰো ..!
মই তোমাৰ চিনাকি সুৰভিত আৱদ্ধ হৈ ৰ'লোঁ । তুমিতো জানাই কাৰোবাৰ বাবে আগবঢ়োৱা হাতখন উভতি নাহে । দুৰন্ত সময়ৰ হেঁচাত আগুৱাই গ'ল হেঁপাহ । বাৰে বাৰে কাঁইটে বিন্ধে । তৃপ্তিৰ সুখ নে অতৃপ্তিৰ বেদনা বুজি নাপাওঁতেই উৰি গ'ল মন , বহু দূৰলৈ । দূৰত্বই গচকি গ'ল দুখনি হাতক । সংৰক্ষিত হ'ল চকুলোৰ বন্যা !
তোমাক ভালপাওঁ বাবেই
জোনাক ৰাতি উজাগৰে থাকো
জোনৰ লগত তোমাৰ কথা পাতো
জোনাক চোৱাৰ হেঁপাহেৰে
কেৱল তোমাৰ কথা ভাবো ।