"ভালপোৱা" শব্দটোৱেই দি যায় বহুতো ভাললগা অনুভৱ । তাতে যদি সেই ভালপোৱাৰ অনুভৱত সতেজতা ৰৈ যায় , ই হৈ পৰে স্মৃতিমধুৰ । প্রথম ভালপোৱাই বহুতকে দি যায় প্রেমৰ মিঠা মিঠা সুবাস । এনে লাগে সমগ্র বিশ্বই তোমাৰেই প্রেমক স্বৰ্গীয় কৰি ৰাখিব আৰু তোমাৰ প্রেমে বিশ্বক দিব প্রকৃত প্রেমৰ বতৰা ।
স্মৃতি তেতিয়া হাইস্কুলত । প্রথম দিনাৰ পৰাই পলাশক দেখিছে । অকণমানি পলাশ , দেখিবলৈ বৰ মৰম লগা । প্রথম হাইস্কুল , প্রথম স্কুল ইউনিফ্ৰম আৰু নতুন ল’ৰা ছোৱালীৰ সংগ । ভাল লাগিলেও বেয়া লাগিলেও স্মৃতিয়ে পলাশক মাত – বোল কৰা নাছিল । এবছৰ – দুবছৰ নহয় ক্লাছ নাইন কি টেইন পোৱালৈকে তাই পলাশক নামাতিলে ।
পলাশ , পঢ়া – শুনাত ভাল । সময়ত স্কুললৈ আহে , ক্লাছ কৰে , সমনীয়াৰ লগত ধেমালি কৰে । অলপমান কথাৰ ওস্তাদি , কিন্তু স্মাৰ্ট । সুযোগ পালেই স্মৃতিক মাতিবলৈ বিচাৰে । বিভিন্ন প্রতিযোগিতালৈ স্মৃতিৰ চাইকেলখন আৰু কলমটো লৈ গৈ ভাল পায় আৰু বিনা দ্বিধাই দি দিয়াটোৱেই স্মৃতিৰ স্বভাৱ ।
সময় বাগৰিল । স্মৃতি – পলাশ ডাঙৰ হ’ল । লগৰ সমনীয়াই সিহঁত দুটাক লৈ নানানটা আলোচনা কৰে । পলাশে তাইৰ চকুলৈ চায় , স্মৃতিয়ে লাজ কৰে । কিন্তু স্মৃতিয়ে তাৰ মনৰ কথা বুজি পায় । প্রকাশ কৰাৰ সাহস কাৰো নাছিল ।
ক্লাছ টেইন । তাহাঁত দুটাক লৈ নানানটা ধেমালি । পলাশে স্মৃতিৰ গালৈ কাগজৰ টুকুৰা বিলাক দলিয়াই পঠায় । স্মৃতিয়ে মনে – মনে বেগৰ ভিতৰত ভৰাই থয় ।
এদিনৰ কথা । পলাশে স্মৃতিৰ মুখত বগা চকৰ গুৰি অলপমান সানি দিলে । গোটেই ক্লাছে তাইক “ স্মৃতি আইতা ” “ স্মৃতি আইতা ” বুলি জোকাবলৈ ধৰিলে । এইবাৰ তাই ধৈৰ্য ধৰিব নোৱাৰি পলাশৰ কাষলৈ ধাপলি মেলিলে । কিন্তু কিবা এক ভাললগাই তাইক পলাশৰ কাষৰ পৰা আঁতৰি আহিবলৈ দিয়া নাছিল ।
অংকৰ টিউচন । কেইবাজনো ল’ৰাৰ মাজত স্মৃতিয়ে চাইকেল কোবাই যায় । পলাশে স্মৃতিক আগবাঢ়ি যাবলৈ দিয়া নাছিল । সিঁহতৰ লগত সমানে চাইকেল চলাই তাইৰ ভাল লাগিছিল নে আমনি ! তাই বুজিব পৰা নাছিল ।
অংক – জ্যামিতিৰ অজুহাত লৈ ফোনত পলাশে কথা পাতে । স্মৃতিয়ে শুনি যায় । পলাশৰ কথা মতেই সেইদিনা স্কুলৰ পৰা সমনীয়াৰ লগত স্মৃতিয়ো গুৱাহাটীলৈ যায় । সেইদিনা পলাশে তাইৰ হাতত কেইটামান চ’কলেট গুজি থৈ যায় । কিন্তু , কিয় দি গ’ল ! তাই নুবুজিলে । মাথো সমনীয়াক ক’লে । ধৰা পৰি গ’ল সিহঁত , পাৰে মানে তাইক জোকালে । লাজ পালেও ভাল লাগিল তাইৰ ।
মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট ওলাল । পলাশ কটন কলেজ , স্মৃতি আপোন ঠাইতে পঢ়িব । এনেকৈয়ে পলাশ তাইৰ কাষৰ পৰা গুচি যাব । গৰমৰ বন্ধত এমাহ নেদেখাকৈ থাকিলে স্মৃতিৰ অশান্তি লাগিছিল । পাৰিবনে তাই !
এটা ফোন ক’লত স্মৃতি সাৰ পালে । পলাশৰ ফোন । স্মৃতিক কিবা এষাৰ ক’ব বিচাৰে । পলাশে কৈ গ’ল ...অক্সাৰ ওয়াল্ডে কৈছিল , নাৰী আৰু পুৰুষৰ মাজত বন্ধুত্ব হ’ব নোৱাৰে , হ’ব পাৰে মাথোন অনুৰাগ । নতুবা প্ৰেম , হিংসা আৰু শত্ৰুতা ।
স্মৃতিয়ে পলাশক নামঘৰৰ পথাৰত লগ কৰিলে । লগত তাঁহাতৰ বন্ধু সৌৰভ আৰু নিমা । স্মৃতিৰ মনত উদুলি – মুদুলি । কিন্তু কয় যে , ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি । ভাবি অহা কথাবোৰ পলাশে ক’বলৈ নাপালে । হাইস্কুলৰ দুজনমান শিক্ষকক দেখা পাই পলাশে স্মৃতিক এৰি ঘৰ পালেহি ।
স্মৃতিৰ বুকুখন খুব গধুৰ যেন লাগিল । কান্দি – কান্দি বিচনাত শুই পৰিল । তেনেতে পলাশৰ ফোনত তাই উঠি আহিল । কথা পতাৰ ইচ্ছা তাইৰ নাছিল ।
::::‘হেল্ল’ পলাশ , কি কথা আছিল কোৱা ?
::::‘ যিটো কথা গোটেইখন চহৰে জানে , তুমি কিয় নুবুজিলা ? মই তোমাক ভালপাওঁ !
.............!!!!
এয়াই ভালপোৱা !! প্রথম প্রেম , প্রথম প্রেমৰ মাদকতা ........।