সৌ  সিদিনাখনৰ কথা । শিলপুখুৰীৰ পৰা বাছেৰে ঘৰ অভিমুখে আহি আছোঁ ।  খিৰিকীৰ  কাষৰ চিটটোত বহি মই মোবাইল ফোনত গান শুনাত ব্যস্ত । মোৰ কাষৰ  আসনখনত  কোন  বহি আছে তালৈ মোৰ অলপো ভ্রূক্ষেপ নাই । কিন্তু হঠাৎ মই অনুভৱ  কৰিলোঁ  কাষৰ  যাত্রী গৰাকীৰ ঠাইত অন্য এগৰাকী বহিছে । পিন্ধনত তেওঁৰ এখন  চিফনৰ শাৰী ।  লগত ৬ - ৭ বছৰ মানৰ এটা ল'ৰা । তেওঁলৈ মোৰ চকু গ'ল ।  বেছি  সময় তেওঁলৈ  মনোযোগ নিদি ভৰলুৰ ৰেল লাইনৰ মাজেৰে যোৱা  দূৰণিৰ ৰেলখনলৈ চাই  পঠি য়ালোঁ ।  কিন্তু অলপ সময় যোৱাৰ পাছত মই লক্ষ্য কৰিলোঁ  মহিলা গৰাকীয়ে  নিজৰ ফোনটো  উলিয়াই পিটিকি আছে , আকৌ মুখখন বেঁকা কৰি সুমুয়াই থয় । মোলৈ  চাই কিবা যেন  ক'বলৈ বিচাৰে, তেনে যেনো ভাব হয় ।
....বেয়া নোপোৱা যদি , এটা ফোন কৰোঁ দিবা নেকি ?
কাণৰ পৰা হেডফোনডাল আঁতৰাই ফোনটো তেওঁলৈ আগবঢ়াই দিলোঁ ।
....চিউৰ , লওক ।
ভদ্র মহিলাই অতি বেছি দুই - তিনি মিনিটমান কথা পাতি ফোনটো মোক ওভোটাই দিলে ।
.....তোমাৰ বিল কিমানকৈ যায় বাৰু ?
তেখেতৰ প্রশ্নত অলপ অপ্রস্তুত হ'লোঁ ।
....নাই , হ'ব আৰু দিয়ক । মোৰ উত্তৰ ।
কিন্তু তেখেত নেৰা নেপেৰা তেওঁৰ প্রশ্নটোত । মই ' মোৰো আপোনাক সহায় কৰিব পাৰি ভাল লাগিল ' ইত্যাদি সৌজন্যসূচক কথাৰে তেওঁৰ প্রশ্নৰ পৰা পলাবলৈ বিচাৰিলোঁ । আচৰিত ভাবে তেখেতে দুইটকীয়া মুদ্রা এটা মোলৈ আগবঢ়াই দিলে ।
.....এয়া লোৱাচোন , কিমান বা বিল উঠিল তোমাৰ ! মোৰ বেয়াই লাগে নহয় ...!
মই কি- কৰোঁ , কি - নকৰোঁ অৱস্থা হ'ল । খং আৰু অপমানত জৰ্জৰিত হৈ মুখৰ মাত হেৰাল ।
বাছখনত অত্যন্ত ভিৰ । সন্ধ্যাও নামিছে । অকণমানি অনা - অসমীয়া ছোৱালী এজনী আহি মোৰ কোলাত বহিলহি । মোৰ আঁঠুদুটাত বহি তাই ৰাস্তাৰ মানুহক জোকোৱাত মগ্ন । মাজে মাজে মোলৈ চাই হাঁহি এটা মাৰে । মৰম লাগিল তাইক । থুনুক - থানাকৈ দুই এটা মাত ফুটিছেহে মাঁথো । অত্যন্ত স্মাৰ্ট ।
তাইৰ লগত ধেমালি কৰি অলপ আগতে হোৱা ঘটনাটো পাহৰি পেলালোঁ । ভদ্র মহিলা গৰাকীয়ে তাইক দুই এটা কথা সুধিয়েই মোৰ লগত চিনাকি হ'ল । গম পালোঁ তেখেত এগৰাকী শিক্ষক । গুৱাহাটীৰ এখন নাম থকা স্কুলৰ ইংৰাজী বিষয়ৰ শিক্ষক ।
বাছখন আহি জালুকবাৰীৰ নিৰ্দিষ্ট ষ্টোপেজত ৰখালে । মহিলাগৰাকীৰ ঘৰ ওচৰে পাজৰে , তেওঁ নামিল । মোলৈ চাই চাই কেইবাবাৰো ' বাই বাই ' দিলে । ময়ো দিলোঁ ।
অলপমান দূৰ আহি ময়ো নামিলোঁ । হাতত থকা বেগটোৰ ওজনত বাহুটো অলপ অলপ বিষাইছে । তথাপিও কিয় জানো বুকুখনৰ বিষতোহে তাতোকৈ বেছি অনুভূত হ'ল ।
মনৰ ভিতৰতে প্রশ্ন কৰিলোঁ .....' ধন্যবাদ' শব্দটো বাৰু বেছি জটিল নেকি ?

bohut val lagil...anuvob prokash dhunia hoisa
ReplyDelete